Thursday, 1 November 2012

• আধুনিক ৰামায়ন

ৰাম লক্ষণ সীতা বনলৈ গল,
আধাবাটতে বলেৰৰ পেট্ৰল শেষ হ'ল..
পেট্ৰল বিছাৰি গ'ল ৰাম,
ঘণ্টা ঘণ্টা ধৰি ঘূৰি অহাৰ নাই নাম..
সীতাই বোলে লক্ষণ ভাই,
দাদা তোৰ ঘূৰি অহা নাই..
লক্ষণ গল ৰামক বিছাৰি,
সীতাৰ হাতত গুজি দি খুকুৰি..

ক্ষন্তেক পাছত ৰাৱনৰ আগমন হ'ল,
তাৰ হাতত সীতাৰ অপহৰণ হ'ল..
ৰাম-লক্ষণ ঘূৰি আহিল,
তাত দেখোন সীতা নাছিল..
লগে লগে ৰামে উলিয়ালে নকিয়া আশা,
হনুমান তুমি মোৰ অন্তিম
ভৰশা ..
হনুমানে চালু কৰিলে নিজৰ চুজুকি,
ৰাৱন তোক লগাম নাকটি..
হনুমানৰ বাহনৰ বেগ ১০৪,
এৰিদে ৰাৱন তই পৰ নাৰী..
ৰাৱনে বোলে সীতাক মই কেতিয়াঁও নেৰো,
আহ হনুমান তোক ইণ্ডিকাৰ তলত চেপেটা কৰো..
দুয়ো গাড়িৰ সঙ্ঘৰ্ষ হ'ল,
হনুমানৰ চুজুকিৰ খুণ্ডাত ৰাৱন নিধন হল..
সীতা মুক্ত হল,
ৰাম-লক্ষণ আৰু হনুমানৰ হতে দিনাৰলৈ গ'ল ।

 -কৌশিক গগৈ