Saturday, 8 June 2013

• মদাহীৰ পদ্য



(১)
মোৰ মৰিশালিত ফুলৰ থুপা দিবলৈ নাহিবা,
চাকি ধুপ-ধূনালৈ
আত্মাৰ হ'ত গতিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নাহিবা,
মোলৈ সছাই মৰম আছিল যদি চকুলো নুতুকিবা,
মৰিশালিৰ কাষত নিতৌ পৰ্কৰ সতে এটি হাফ বটল ৰাখিবা ।

(২)
ম'দৰ নিছাত মন মতলিয়া কৰি নাজানো খালত কটালো কিমান ঘণ্টা,
দুষ পাতলোৱাৰ বাবে আছে যানো অন্য কিবা পন্থা,
ৰাজকিয় ম'দৰ ভাটিক লেকাম লগাবলৈ উলাই আহে নাৰী সন্থা,
অসক্ত মদাহীৰ কাণত বাজে বিপদৰ ঘন্টা ।

(৩)
হৃদয়ত যেতিয়া মদৰ নিছা শিপাই গ'ল,
হৃদয়ত দুখ সোমোৱা সকলো পথেই বন্ধ হৈ গ'ল,
বিলাতি মদৰ নিছাই যেতিয়া মোৰ হৃদয় চুই গ'ল,
তাইক নোপোৱাৰ বেদনা দেখোন চু-মন্তৰ হৈ গ'ল ।

(৪)
ভালপোৱা বিক্ৰি হয় আৰু মৰমৰ নিলাম হয়,
ভৰশাৰ হত্যাত নিহঙ্গ জীৱন সুলভ হয়,
নিসঙ্গ জীৱনৰ লগৰী যেতিয়াই বাছি লোৱা হয়,
তেতিয়াই সমাজত মদাহী নামেৰ আমাৰ চিনাকি হয় ।


 -কৌশিক জো্যতি গগৈ

Tuesday, 19 March 2013

• সমাধি

 
মোৰটো প্ৰেমৰ আছে অযুত কাহিনী,
ভঙা নাঁও আৰু যেন গতিহীন পানী,
এপাহ গোলাপ আছে কিতাপৰ মাজতে মৰহী,
সেই গোলাপটো সোমাই আছে মোৰ ভালপোৱাৰ আন এক সমাধি ।

 -কৌশিক জ্যোতি গগৈ

• তাই ৰৈআছে লৈ লাজৰে উৰণী

সময় বোৰ উৰি গৈছে দুপাখি মেলি,
নাইযে তাৰ কালৈকো আহৰি,
ক্ষন্তেক ৰবিছোন,
সময়ৰ সুঁতত হেৰাই গৈছে মোৰ লাহৰি,
নাপাঁও মই ক'তোযে বিছাৰি,
কিজানিবা মৰম নদীৰ চিনাকী ঘাটত,
মোৰ বাবে ৰৈ আছে তাই লৈ লাজৰে উৰণী ।

-কৌশিক জ্যোতি গগৈ

• ভঙা হৃদয়ৰ ইটো সিটো



আকাশৰ উৰণীয়া নেজাল তৰা আৰু তোমাৰ সৈতে দেখা হোৱা একেই কথা,
ফাগুনৰ মলয়াক চুমা যঁছাৰ যেন এক অসফল প্ৰছেষ্টা,
এতিয়া যেন হৈ ৰৈছো অপাৰ সমুদ্ৰত এখন গৰাকী বিহীন তুলুঙা নাঁও,
কেতিয়াবা যানো বুজিব পাৰিছা সেই যন্ত্ৰণাৰ গভীৰতা ।

তোমাৰ অপেক্ষাত নাজানো ক'তযে বসন্ত বাগৰিল,
বুকুৰ মাজত ফুলিব ধৰা বকুল বোৰো যেন মৰহিব লাগিছে,
কুঁৱলীৰ মাজত যেন সেৰোৱাই পেলাইছো তোমাৰ চিনাকি মুখ খন,
এতিয়া নিজৰ বুলিবলৈ দুচকুত উলমি ৰৈছে মাঠো কেইতোপাল মান তপত অশ্ৰু ।

-কৌশিক জ্যোতি গগৈ ।

Monday, 28 January 2013

• আজি যে মোৰ বিৰাট ট্ৰেজেডী

আজিযে মোৰ বিৰাট ট্ৰেজেডী

সপোন কোঁৱৰী তুমি,
স্মৃতিৰ বলুকাত আঁকো মাঠো তোমাৰ ছবি,
বানে ধোৱা জীৱনৰ কৰুণ গাঁথাৰ মধুময় সঙ্গিত তুমি,
তোমাৰ সঙ্গ বিছাৰী আজি যে মোৰ বিৰাট ট্ৰেজেডী ।

মৰিছিকাৰ দৰে হেৰাই গলা তুমি,
নাপাঁও ক'তযে বিছাৰি,
নামিছে প্ৰতিটো সন্ধিয়া এবুকু বিষাদ বান্ধি,
তোমাৰ কনমান মৰম বিছাৰি আজিযে মোৰ বিৰাট ট্ৰেজেডী ।

হালধীয়া সপোনৰ মিঠা অনুভৱ তুমি,
জিল-মিল ৰ'দ জাকত উঠিছিল তোমাৰ দুচকু জ্বিলিকি,
দুচকুত মেঘহৈ চকুলো বোৰ আছে উপছি,
আহা সুখৰ সমোদ্ৰত উটাই যোৱা মোৰ চকুলো নহ'লে আজিযে মোৰ বিৰাট ট্ৰেজেডী ।

হৃদয়ত বাজিছে মোৰ প্ৰেমৰ মূৰুলী,
পাৰ হয় বুকুৰে বিষাদৰ বতাহ এছাতি,
মোৰ আশাতেই নামিছো সোণালী সময়ৰ সন্ধানত,
আহা জীপাল কৰাহি মোৰ দুখৰ চাপৰি নহ'লে আজিযে মোৰ বিৰাট ট্ৰেজেডী ।
 -কৌশিক গগৈ

Thursday, 1 November 2012

• আধুনিক ৰামায়ন

ৰাম লক্ষণ সীতা বনলৈ গল,
আধাবাটতে বলেৰৰ পেট্ৰল শেষ হ'ল..
পেট্ৰল বিছাৰি গ'ল ৰাম,
ঘণ্টা ঘণ্টা ধৰি ঘূৰি অহাৰ নাই নাম..
সীতাই বোলে লক্ষণ ভাই,
দাদা তোৰ ঘূৰি অহা নাই..
লক্ষণ গল ৰামক বিছাৰি,
সীতাৰ হাতত গুজি দি খুকুৰি..

ক্ষন্তেক পাছত ৰাৱনৰ আগমন হ'ল,
তাৰ হাতত সীতাৰ অপহৰণ হ'ল..
ৰাম-লক্ষণ ঘূৰি আহিল,
তাত দেখোন সীতা নাছিল..
লগে লগে ৰামে উলিয়ালে নকিয়া আশা,
হনুমান তুমি মোৰ অন্তিম
ভৰশা ..
হনুমানে চালু কৰিলে নিজৰ চুজুকি,
ৰাৱন তোক লগাম নাকটি..
হনুমানৰ বাহনৰ বেগ ১০৪,
এৰিদে ৰাৱন তই পৰ নাৰী..
ৰাৱনে বোলে সীতাক মই কেতিয়াঁও নেৰো,
আহ হনুমান তোক ইণ্ডিকাৰ তলত চেপেটা কৰো..
দুয়ো গাড়িৰ সঙ্ঘৰ্ষ হ'ল,
হনুমানৰ চুজুকিৰ খুণ্ডাত ৰাৱন নিধন হল..
সীতা মুক্ত হল,
ৰাম-লক্ষণ আৰু হনুমানৰ হতে দিনাৰলৈ গ'ল ।

 -কৌশিক গগৈ

Monday, 29 October 2012

• গগৈ-মোহন চাৰৰ জীৱন যৌৱন

সত্তৰটা বসন্তই গৰকি যোৱা গগৈ-মোহন চাৰৰ দেহা,
চুগাৰ প্রেছাৰ ইউৰিক এচিডে পাতিছে ৰমৰমীয়া বেহা..
সত্তৰটা বসন্তৰ পাছটো গগৈ-মোহন চাৰৰ ফুল অন জৱানী,
একেবাৰে আফ্ৰিকাৰ চিৰসেউজ বননী..
সছাই মহান তোমাৰ জীৱন যৌৱন,
মিঠা হাঁহিৰ জীপাল কৰা চুনিয়া বাইদেউৰ ৰূপ-বন..
গগৈ-মোহন চাৰে বোলে মোক পুজিবা নিতে,

তেতিয়াহে থাকিবা সুখে..
কাৰন মই এতিয়া জাপান আমেৰিকা নকৰো ভ্ৰমন,

মূল্যবৃদ্ধী ৰুপে এতিয়া মাঠো ৰাইজক কৰো দংশন !!
 
-কৌশিক গগৈ

Saturday, 20 October 2012

• প্ৰেম



মোৰ প্ৰেমৰ কবিতা শুনা...
তাই মোক লগ পালে
মই তাইক লগ পালো,
মই প্ৰেম প্ৰস্তাব দিলো
তাই প্ৰেমৰ সলনি বন্ধুত্ব দিলে,
তাই বান্ধৱী হল,
মোৰ মন ক্লান্ত হ'ল,
তাইৰ বন্ধুত্ব বাড়িল
মোৰ প্ৰেম বাড়িল ।

তাইৰ আগত পুনৰ মোৰ প্ৰেম প্ৰস্তাব গ'ল...

তাই পূনৰ নাকছ কৰিলে,
মোৰ কলিজাত ধুমুহা বলিলে,
মোৰ আশা মৰহি গ'ল
তাইৰ মনত মোৰ বন্ধুত্ব কমি গ'ল,
সপোনত মোক তাই আমনি কৰিলে
তাইৰ ভাৱনাত মোৰ হৃদয়ে পূনৰ কান্দিলে,
তাই মোক এৰি গ'ল
মোৰ হৃদয় ভাগি গ'ল ।

আমি পূনৰ লগ পালো...

তাই দুখী আছিল
মই অকল সৰীয়া আছিলো,
তাত আৰু কোনো নাছিল
কেবল আমি দুটাহে আছিলো,
তাই উচুপিব লাগিল
তাইৰ উচুপনিত মোৰ হৃদয় আকৌ ভাগিল,
নাছিল কোনো প্ৰেমৰ প্ৰস্তাব
নাছিল কোনো হা বা না ।

আমাৰ মিলন কেতিয়ঁও ন'হল...

তাই মোৰ প্ৰেমত পৰিল
মোৰ মনে কান্দিব লাগিল,
তাইৰ মনত মোৰ ঠাই বাড়িল
মোৰ উপৰত সৰগ ভাগিল,
আমিযে এতিয়া হ'ব নোৱাৰো এক
মাজত আছে বাধা াসঅনেক,
তাই মাটিৰ উপৰত পৰি কান্দি থাকিল
নিৰুপাইহৈ মাটিৰ তলত মোৰ দেহ শুই থাকিল ।

-কৌশিক গগৈ

Thursday, 18 October 2012

• মোৰ আধৰুৱা কবিতা

মোৰ জীৱন এক প্ৰহেলিকা,
এক ধুঁসৰ ছবি,
চকুলোৰ লোটোক নিগৰে তোমাক কাখত বিছাৰি,
তুমি মোক নাজাবা পাহৰি ।

তোমাৰ মৰম এচমকা কলামেঘ,
বিষাদৰ নিজৰা তোমাৰ স্মৃতি,
নাজানো মোৰ এই নাটৰ কেতিয়া পৰিব পট ।

জোৰোলা কৰিছে তোমাৰ স্মৃতিয়ে,
সেয়েহে আকিছো মোৰ হৃদয়ৰ ভাল পোৱা
মোৰ কবিতাৰ পঙ্গিতিয়ে পঙ্গিতিয়ে ।

আশাৰ এজাক জোনাকি হৈ,
অপেক্ষৰ উৰনি গুছাই,
তুমি আহিবা আৰু সম্পূৰ্ণ কৰিবা মোৰ
আধৰুৱা কবিতা ।

-কৌশিক গগৈ

Wednesday, 17 October 2012

• মোৰ এটি কণমানি সপোন


এটি কণমানি ঘৰ,
এটি দুটি কৰি কেইটিমান জোনাকি সপোন,
আৰো বিছাৰো
তোমাৰ উঠৰ এমুঠি হাঁহি...

নাজানো তুমি এতিয়া ক'ত,

কি তোমাৰ নাম,
সাগৰিকা সংঘমিত্ৰা নে অপৰোপা,

দুচকুৰ চিনাকি নাথাকিলেওঁ তুমি যে মোৰ একেবাৰেই আপোন ।।

ভাল পাওঁ তোমাক নিকা হৃদয়েৰে,

অপেক্ষাৰ উৰণি গুচাই তুমি আহা মোৰ কাষলৈ,
নিচেই কাষলৈ..
এচমকা জোনাকহৈ ।

--কৌশিক গগৈ

• মহাদেৱৰ ফেচবুক একাউন্ত

কৈলাশলৈ গৈছিলো মহাদেক লগ কৰিবলৈ,
তেওঁ
ভাল-বেয়া খব লবলৈ ।
ৰামী চকিত আছিল মহাদে বহি,
হাতত মবাইললৈ দে
ৱী পাৰ্বতি এছ.এম.এছ. পড়ি ।।

মোক দেখি কলে কি খব
ভক্ত,
মো
লগত হবি নিকি ভাঙ ৰাগিত মত্ত ।
মই কলো আহিছো কেবল তোমা
খব লবলৈ,
আই পা
ৰ্বতি আর্শীবাদ লবলৈ ।।
 
তেওঁ কলে পাৰ্বতিৰ আজিকালি কিযে স্মাইল,
প্রতিক্ষণে মোক কৰিস থাকে ঘাইল ।
পাছে এটা কঠা মোৰ প্রিয় ভক্ত,
কৰিবিনে সহায় মোক ভাঙৰ ৰাগিত নহৈ মত্ত ।।


হব বুলি কৈ মই দিলো মই মিঁচিকিয়া স্মাইল,
কাৰন তেওঁৰ সাপ মাৰিবলৈ নিয়া নাই মই ফেনাইল ।
তেওঁ কলে নোৱাৰো আৰু প্রতি দিনে বিশটাকৈ এছ.এম.এছ. কৰিব কাউন্ত,
লাগে মোক এটা ফেচবুক একাউণ্ট ।।

ফেচবুকত কৰিব বিছাৰো গাভৰুৰ ষ্টেটাচ লাইক,
আনি দিবি তই মোক এখন ছালিয়া বাইক ।
নোৱাৰু আৰু ফুৰিব বজাই ডম্বৰু,
বাইকৰ পাছৰ ছিটত উঠাই ফুৰিম ৰুপহী গাভৰু ।

--কৌশিক গগৈ

• এমুঠি প্ৰশ্ন

তাইক মোৰ মনৰ কথা ক'ব লাগিব,
মোৰ সছা ভালপোৱাৰ এটা নাম দিব লাগিব,

মনৰ কথা মনতে ৰাখি থলে কলিজাত এদিন বেদনাই বাহ সাজিব,

মৃত্যুৰ বাহিৰে তেতিয়া জানো মোৰ অন্য পথ থাকিব,

নাজানো তাইৰ পচন্দনো কি,

মাঠো জানো মই তাইক সছা অন্তৰেৰে ভাল পাঁওতাই জানো মোৰ প্ৰস্তাব গ্ৰহন কৰিব,
কিন্তু তাইক কম কেনেকৈ
''তুমি মোৰ প্ৰানৰ প্ৰতিমা,
তাইৰ কাষলৈ গলে মই যে হৈ যাঁও বাকৰুদ্ধ,

সছাকৈয়ে মোৰ প্ৰেম একোটা বৃহৎ প্ৰশ্ন...?
                    ---কৌশিক গগৈ