অসম

অসম (ইংৰাজী: Assam) [Asom]  ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে এখন পৃথক ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়৷ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে সহযোগ কৰে আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম ভাৰতৰ অধীন হৈ পৰে৷ ব্ৰিটিছ শাসিত ভাৰত আৰু আধুনিক কালতো অসম এখন মুখ্য প্ৰদেশ আছিল, কিন্তু পিছলৈ এই অঞ্চল বিভিন্ন ৰাজ্যত বিভক্ত হয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ৷ অসম ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পৰ্বতক সামৰি ৩০,২৮৫ বৰ্গমাইল (৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ) জুৰি আছে৷ অসমক সাত ভনীৰ বাকী ছয়খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু মেঘালয়ে আৱৰি আছে৷ আনহাতে অন্য এখন ৰাজ্য পশ্চিমবংগ অসমৰ লগত সংযোগ হৈ আছে। অসম ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰে যুক্ত হৈ দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে৷ কাজিৰঙাৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত ।

 

 

অসম নামৰ উৎপত্তি

অসম নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক'ব নোৱাৰি৷ পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল৷ ত্ৰয়োদশ শতিকা মানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত 'অসম' নামটোৰ প্ৰচলন হয়৷ আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়৷
অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনোৱে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল ৷ আনহাতে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম 'অ-সম' হ'ল৷ আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম হ'ল, আহোমসকলে নিজকে টাই বুলি পৰিচয় দিছিল যদিও তেওঁলোক আহোম হিচাপেহে অধিক পৰিচিত হৈ উঠিল। আহোমসকলে প্ৰায় ৬০০ বছৰ অসমত ৰাজত্ব কৰে। পণ্ডিতপ্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাৰে-
যদিও শানসকলে নিজৰ পৰিচয় টাই বুলি দিছিল, তেওঁলোকক ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত আসাম, আসম আৰু কেতিয়াবা অচম হিচাপে জনাজাত আছিল। নতুন অসমীয়া শব্দ আহোম, যাৰ দ্বাৰা আজিৰ টাইসকলক জনা যায়, আসাম অথবা আসমৰ পৰা উত্পত্তি হোৱা । কালক্ৰমত শাসকসকলৰ কাৰণে প্ৰয়োগ কৰা নাম ৰাজ্যৰ নামলৈ পৰিবৰ্তিত হ'ল। কামৰূপৰ নাম সলনি হৈ প্ৰথমে আসাম আৰু পিছলৈ সংস্কৃতকৰণৰ ফলত অসম হয গৈ যাৰ অৰ্থ হ'ল "অসমকক্ষ, অসমান বা অসমান্তৰাল"
পণ্ডিত বেডেন পাৱেলে তেওঁৰ The Indian village community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ ছো-ছাম (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে ৷


নতুন নামকৰণ

অসম ইংৰাজৰ হাতলৈ যোৱাৰ পাছৰ পৰা আছাম আৰু আসাম শব্দ দুটা প্ৰচলিত হৈ পৰে আৰু শেষত এই ভূখণ্ড অসম আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বোলা হ'ল৷ ইংৰাজসকলেই অসম বা আসামক ইংৰাজীলৈ Assam বুলি লিপ্যন্তৰ কৰে ৷ বৰ্তমান অসম বানানটো ইংৰাজীত AXOM বা ASOM বুলি লিখা হয় যদিও Assam বানানটোও প্ৰচলিত৷


ভাষা


২০০১ চনৰ তথ্য অনুসৰি অসমৰ ভাষাসমূহ      অসমীয়া (57.81%)     বাংলা (21.67%)     বড়ো (5.28%)     হিন্দী (4.62%)     মিচিং, কাৰ্বি, ডিমাছা (3.66%)     Other (6.96%)
অসমৰ প্ৰধান ভাষা হ'ল অসমীয়া ৷ এই ভাষা সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি স্বীকৃত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এক প্ৰধান সংযোগী ভাষা৷ অসমীয়া ভাষা ভাৰতীয় আৰ্য গোষ্ঠীৰ ভাষা৷ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাবিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল'বলৈ আৰম্ভ কৰে৷ অসমত প্ৰচলিত আন ভাষাবোৰ হ'ল : ইংৰাজী, হিন্দী, বড়ো, বাংলা, আৰু অন্যান্য প্ৰচলিত উপ-ভাষাবোৰ হ'ল : মিচিং, কছাৰী, কাৰ্বি, ৰাভা, ডিমাছা, নেপালী আদি৷ আনহাতে বিভিন্ন জনেগাষ্ঠী বহুতো দোৱান অসমত প্ৰচলিত আছে।



উৎসৱ

মূল প্ৰবন্ধ: অসমৰ প্ৰধান উৎসৱসমূহ
বিহু নৃত্যৰ দৃশ্য
সকলো জাতিৰ মানুহৰে কিছুমান স্বকীয় উৎসৱ আছে ৷ অসমীয়াসকলৰো তেনে উৎসৱৰ ভিতৰত বিহু উৎসৱ প্ৰধান৷ সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে৷ বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপী অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত৷ এই দিনটেই 'গৰু-ম'হ' আদিৰ সংগ্ৰহৰ অৰ্থে আৰু পোহনীয়া জন্তুৰ মংগল কামনা কৰি সূৰ্য্যদেৱতাক স্তুতি কৰা হৈছিল৷ অসমীয়া বিহু মূলত তিনিটা, ৰঙালী বিহু বা ব'হাগ বিহু, কঙালী বিহু বা কাতি বিহু, আৰু ভোগালী বিহু বা মাঘ বিহু৷ চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ হৈ সাতদিন থাকে৷ ৰঙালী বিহু ব'হাগ বিহু ৰূপেও পৰিচিত৷ বিহুৰ আগদিনাখনক উৰুকা বোলে৷ প্ৰথম বিহুটিৰ নাম গৰু বিহু৷ এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়৷ আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু৷ এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়৷ সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ গতিকে এই বিহুক কঙালী বিহু বোলে৷ এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তাৰ গুৰিত চাকি জ্বলাই নাম গাই, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলাই৷ পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু৷ এই বিহু তিনিদিন পালন কৰা হয়৷ পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে৷ সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়৷ এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে৷ মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা ৷


পৰ্যটন

অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ৷ অসম প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আদি বিভিন্ন উদ্যান আৰু বিভিন্ন মঠ-মন্দিৰ, ঐতিহাসিক সমল আদিয়ে অসমৰ পৰ্য্যটন উদ্যোগ চহকী কৰি তুলিছে৷

অসমৰ বিভিন্ন পৰ্য্যটন স্থানসমূহ

ব্ৰহ্মপুত্ৰনদী: লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰে পৰিচিত নদৰাজ ব্ৰহ্মপুত্ৰ ভাৰত তথা অসমৰ প্ৰধান নদী৷ প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত৷ এই নদীৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম৷
গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ নগৰ৷ গুৱাহাটী মহানগৰৰ ভিতৰত কামাখ্যা, অসম ৰাজ্যিক সংগ্ৰাহালয়, গুৱাহাটী চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, উমানন্দ আদি বিভিন্ন পৰ্য্যটন স্থান আছে৷
যোৰহাট: গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূৱত উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ৷ আহোম শাসনৰ শেষ ৰাজধানী যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়৷ অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী৷ যোৰহাটত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, হাতিগড় দেউল, বুঢ়ীগোঁসানি থান বা দেউল, গৰখীয়া মন্দিৰ, ঢেঁকীয়াখোৱা বৰ নামঘৰ, লাচিত বৰফুকন মৈদাম, অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন আদি উল্লেখ্যযোগ্য পৰ্য্যটন স্থান আছে৷
মাজুলী: ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত আটাইতকৈ ডাঙৰ নদী দ্বীপ৷ বিভিন্ন সত্ৰ ইয়াৰ মূল আকৰ্ষণৰ কেন্দ্ৰ৷
জাতিঙ্গা: উত্তৰ-কাছাৰ পৰ্বতৰ চৰাইৰ আত্মহত্যাৰ স্থান হিচাপে জাতিঙ্গা বিখ্যাত৷
তেজপুৰ: অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ এখন অনুপম স্থান হৈছে তেজপুৰ৷ উষা পাহাৰ, অগ্নিগড়, মহাভৈৰৱ মন্দিৰ, চিত্ৰলেখা উদ্যান আদি উল্লেখযোগ্য পৰ্য্যটন স্থান৷
শিৱসাগৰ: আহোম সাম্ৰাজ্যৰ এখন ঐতিহাসিক স্থান৷ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ, শিৱদ'ল আদি উল্লেখযোগ্য পৰ্য্যটনৰ স্থান৷
হাজো: হিন্দু, ইছলাম, বৌদ্ধ ধৰ্মৰ সংগ্ৰম স্থান হ'ল হাজো ৷ পোৱামক্কা ইয়াৰ মূল পৰ্য্যটনৰ স্থান৷
গোৱালপাৰা: গোৱালপাৰা অসমৰ আন এখন উল্লেখযোগ্য পৰ্য্যটন স্থান৷ পঞ্চৰত্ন, টুক্ৰেশ্বৰ পাহাৰ, শ্ৰীসূৰ্য পাহাৰ, চান্দৰডিঙা আদি উল্লেখযোগ্য স্থান৷

No comments: