মোৰ জীৱন এক প্ৰহেলিকা,
এক ধুঁসৰ ছবি,
চকুলোৰ লোটোক নিগৰে তোমাক কাখত বিছাৰি,
তুমি মোক নাজাবা পাহৰি ।
তোমাৰ মৰম এচমকা কলামেঘ,
বিষাদৰ নিজৰা তোমাৰ স্মৃতি,
নাজানো মোৰ এই নাটৰ কেতিয়া পৰিব পট ।
জোৰোলা কৰিছে তোমাৰ স্মৃতিয়ে,
সেয়েহে আকিছো মোৰ হৃদয়ৰ ভাল পোৱা
মোৰ কবিতাৰ পঙ্গিতিয়ে পঙ্গিতিয়ে ।
আশাৰ এজাক জোনাকি হৈ,
অপেক্ষৰ উৰনি গুছাই,
তুমি আহিবা আৰু সম্পূৰ্ণ কৰিবা মোৰ
আধৰুৱা কবিতা ।
-কৌশিক গগৈ
No comments:
Post a Comment