Wednesday, 17 October 2012

• মোৰ এটি কণমানি সপোন


এটি কণমানি ঘৰ,
এটি দুটি কৰি কেইটিমান জোনাকি সপোন,
আৰো বিছাৰো
তোমাৰ উঠৰ এমুঠি হাঁহি...

নাজানো তুমি এতিয়া ক'ত,

কি তোমাৰ নাম,
সাগৰিকা সংঘমিত্ৰা নে অপৰোপা,

দুচকুৰ চিনাকি নাথাকিলেওঁ তুমি যে মোৰ একেবাৰেই আপোন ।।

ভাল পাওঁ তোমাক নিকা হৃদয়েৰে,

অপেক্ষাৰ উৰণি গুচাই তুমি আহা মোৰ কাষলৈ,
নিচেই কাষলৈ..
এচমকা জোনাকহৈ ।

--কৌশিক গগৈ

No comments: