(১)
মোৰ মৰিশালিত ফুলৰ থুপা দিবলৈ নাহিবা,
চাকি ধুপ-ধূনালৈ আত্মাৰ হ'ত গতিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নাহিবা,
মোলৈ সছাই মৰম আছিল যদি চকুলো নুতুকিবা,
মৰিশালিৰ কাষত নিতৌ পৰ্কৰ সতে এটি হাফ বটল ৰাখিবা ।
(২)
ম'দৰ নিছাত মন মতলিয়া কৰি নাজানো খালত কটালো কিমান ঘণ্টা,
দুষ পাতলোৱাৰ বাবে আছে যানো অন্য কিবা পন্থা,
ৰাজকিয় ম'দৰ ভাটিক লেকাম লগাবলৈ উলাই আহে নাৰী সন্থা,
অসক্ত মদাহীৰ কাণত বাজে বিপদৰ ঘন্টা ।
(৩)
হৃদয়ত যেতিয়া মদৰ নিছা শিপাই গ'ল,
হৃদয়ত দুখ সোমোৱা সকলো পথেই বন্ধ হৈ গ'ল,
বিলাতি মদৰ নিছাই যেতিয়া মোৰ হৃদয় চুই গ'ল,
তাইক নোপোৱাৰ বেদনা দেখোন চু-মন্তৰ হৈ গ'ল ।
(৪)
ভালপোৱা বিক্ৰি হয় আৰু মৰমৰ নিলাম হয়,
ভৰশাৰ হত্যাত নিহঙ্গ জীৱন সুলভ হয়,
নিসঙ্গ জীৱনৰ লগৰী যেতিয়াই বাছি লোৱা হয়,
তেতিয়াই সমাজত মদাহী নামেৰ আমাৰ চিনাকি হয় ।
-কৌশিক জো্যতি গগৈ
No comments:
Post a Comment