Tuesday, 19 March 2013

• সমাধি

 
মোৰটো প্ৰেমৰ আছে অযুত কাহিনী,
ভঙা নাঁও আৰু যেন গতিহীন পানী,
এপাহ গোলাপ আছে কিতাপৰ মাজতে মৰহী,
সেই গোলাপটো সোমাই আছে মোৰ ভালপোৱাৰ আন এক সমাধি ।

 -কৌশিক জ্যোতি গগৈ

• তাই ৰৈআছে লৈ লাজৰে উৰণী

সময় বোৰ উৰি গৈছে দুপাখি মেলি,
নাইযে তাৰ কালৈকো আহৰি,
ক্ষন্তেক ৰবিছোন,
সময়ৰ সুঁতত হেৰাই গৈছে মোৰ লাহৰি,
নাপাঁও মই ক'তোযে বিছাৰি,
কিজানিবা মৰম নদীৰ চিনাকী ঘাটত,
মোৰ বাবে ৰৈ আছে তাই লৈ লাজৰে উৰণী ।

-কৌশিক জ্যোতি গগৈ

• ভঙা হৃদয়ৰ ইটো সিটো



আকাশৰ উৰণীয়া নেজাল তৰা আৰু তোমাৰ সৈতে দেখা হোৱা একেই কথা,
ফাগুনৰ মলয়াক চুমা যঁছাৰ যেন এক অসফল প্ৰছেষ্টা,
এতিয়া যেন হৈ ৰৈছো অপাৰ সমুদ্ৰত এখন গৰাকী বিহীন তুলুঙা নাঁও,
কেতিয়াবা যানো বুজিব পাৰিছা সেই যন্ত্ৰণাৰ গভীৰতা ।

তোমাৰ অপেক্ষাত নাজানো ক'তযে বসন্ত বাগৰিল,
বুকুৰ মাজত ফুলিব ধৰা বকুল বোৰো যেন মৰহিব লাগিছে,
কুঁৱলীৰ মাজত যেন সেৰোৱাই পেলাইছো তোমাৰ চিনাকি মুখ খন,
এতিয়া নিজৰ বুলিবলৈ দুচকুত উলমি ৰৈছে মাঠো কেইতোপাল মান তপত অশ্ৰু ।

-কৌশিক জ্যোতি গগৈ ।